অসম     গুৱাহাটী     কলাইগাওঁ


এটা গোটৰ সংজ্ঞা হ'ল ভৌগোলিক ভাবে ঘণীভূতহৈ (এখন মহানগৰ, চহৰ অথবা কেইখনমান চুবুৰীয়া গাঁও আৰু তাৰ চৌপাশৰ সংলগ্ন অঞ্চলটো) থকা প্রায় একে ধৰণৰ বস্তু উৎপাদন কৰা আৰু একে ধৰণৰ সুযোগ আৰু ভাবুকিৰ সম্মুখীন হোৱা গোট সমূ্হৰ সমষ্টি। এটা শিল্পীৰ গোটৰ সংজ্ঞা হ'ল ভৌগোলিক ভাবে ঘণীভূতহৈ (সাধাৰণতে গাঁও/উপ-নগৰী সমূহ)থকা হস্তশিল্প/হস্ততাঁতজাত উৎপাদনৰ ঘৰুৱা গোট সমূহ। এটা প্রতিনিধিত্বমূলক গোটত তেনেকুৱা উৎপাদক সকল কেতিয়াবা এটা পৰাম্পৰাগত শ্রেণীৰ হয় আৰু পুৰুষানুক্রমে যুগ যুগ ধৰি প্রতিষ্ঠিত বস্তু উৎপাদন কৰি আহে। প্রকৃততে বহুতো শিল্পীৰ গোট শতিকা জুৰি চলি অহা পুৰণি শিল্পীৰ দল।

কলাইগাওঁ গোট সম্পর্কে :-

কলাইগাওঁ গোট অসম ৰাজ্যৰ গুৱাহাটী জিলাৰ ভিতৰত পৰে।

কলাইগাওঁ গোটটো 500 জনতকৈও বেছি শিল্পী লৈ গঠিত আৰু 50 টা আত্ম সহায়ক গোটে (SHGs)শক্তিশালী কর্মী দলটোক সহায় কৰি আহিছে। এই কর্মদ্যোমে দিনে দিনে গতি লাভ কৰি আছে।

হাতেৰে ছপা কৰা বস্ত্র-শিল্প:-

সূতাৰে কাপোৰ বান্ধিলৈ আৰু তাৰপিছত ৰং কৰাটোৱেইসম্ভৱত উকা কাপোৰ এটুকুৰাত চানেকিৰ সৃষ্টি কৰিবলৈ আটাইতকৈ সহজ আৰু পুৰণি প্রণালী। এইটো অলংকৰণ কৰা বস্ত্র-শিল্পৰ আটাইতকৈ পুৰণি ৰূপ। এই ধৰণৰ চানেকি কৰাটোত ৰং কৰাৰ নৈপুণ্যৰ প্রয়োজন।

কাপোৰখন ধুই লোৱা হয়। কেতিয়াবা এইবোৰ এটা মৰডেণ্টত ডুবাই থোৱা হয় যাতে ই বেছিকৈ ৰং শোষণ কৰিব পাৰে। কাপোৰখন প্রথমতে দীঘলে ভাঁজ কৰা হয়, তাৰপিছৰ পুতলে চাৰিটা ভাঁজ কৰা হয়। গাটোত থকা চানেকিটো গোটেই পৃষ্ঠটোত ৰঙা মটিয়া ৰং, গেৰুত ডুবোৱা ব্ল'কবোৰেৰে চিহ্নিত কৰা হয়। কাপোৰখন বাঁওহাতেৰে খুব টানকৈ ধৰি একেডাল সূতাৰেই এটাৰ পিছত এটাকৈ গাঠি দি যোৱা হয়। নেপথ্যৰ ৰংটো ৰাখিব লগীয়া অংশবোৰ বান্ধিলৈ, বাকী অংশত ৰং কৰাটো পুনৰাবৃত্তি কৰা হয় আৰু বন্ধা কামটো কৰা হয়। কাপোৰখনত ক্রমান্বয়ে অন্তিম ডাঠ ৰং কৰা হয়, যিটো হয়টো এটা উজ্জ্বল ৰঙা, বেঙুনীয়া, ডাঠ সেউজীয়া, এটা ডাঠ উজ্জ্বল নীলা বা ক'লা হ'ব পাৰে। ইয়াৰ বিসদৃশ ৰঙীন পাৰিটো সৃষ্টি কৰি শাৰীখনৰ গাটো ডাঠ সূতাৰে বান্ধি আৰু তাৰ পিছত এখন প্লাষ্টিক চাদৰেৰে ঢাকি ডাঠ সূতাৰে দৃঢ় ভাবে বন্ধা হয়। তাৰপিছত পাৰিটো অন্য এটা ৰঙত ডুবোৱা হয়। এইটোৱেই বন্ধা আৰু ৰং কৰা প্রণালীৰ পৰম্পৰাগত কৌশল, যিটো পশ্চিম বংগৰ সকলো প্রধান কেন্দ্রতেই অনুসৰণ কৰা হয়।

ব্যৱহৃত কেঁচা মাল:-

কাপোৰ নানা ধৰণৰ সামগ্রীৰ পৰা তৈয়াৰ কৰিব পৰা যায়। সেইবোৰ কাপোৰত থকা আঁহৰ উপকৰণ অনুযায়ী ৰেচম, লিলেন, কপাহী, ৰেয়নৰ দৰে সংশ্লেষিক আঁহ, নাইলন আৰু প'লিষ্টাৰ আদি কাপোৰৰ শ্রেণী বিভাগ কৰা হয় আৰু কিছু অজৈৱিক আঁহ যেনে- সোণৰ কাপোৰ, গ্লাচৰ আঁহ আৰু এচবেষ্টচৰ কাপোৰ। সেইবোৰো গাঠনি বা গুঁঠনি আৰু শালত দীঘ-বাণিয়ে পৰস্পৰে ছেদ হোৱা অনুসৰি শ্রেণী বিভাগ কৰা হয়।

পদ্ধতি:-

ৰং কৰাটো এটা ৰঙৰ ব্যৱহাৰ কৰি সূতা বা কাপোৰৰ ৰং সলনি কৰা প্রক্রিয়া। মানুহে কাপোৰ শোভিত কৰাত ৰং কৰাটো ব্যৱহাৰ কৰে। জন্তু বা উদ্ভিদৰ পৰা আহৰন কৰি থকা ৰঙ সমূহৰ প্রাথমিক উৎসটো হ'ল প্রকৃতি।

যোৱা দুটা শতিকাত বিশেষ ৰং অর্জন কৰিবলৈ মানুহে কৃত্রিম ৰং উৎপাদন কৰিছে, আৰু ৰঙবোৰ স্থায়ী কৰিবলৈ চেষ্টা কৰিছে, যাতে সামগ্রীবোৰ ধোৱাৰ লগে লগে ৰং উৱলি নাযায়। ৰংবোৰ সামগ্রীবোৰত প্রত্যক্ষ ভাবে প্রয়োগ কৰা হয় অথবা সূতা বা কাপোৰ পনীয়া ৰং অথবা ৰঙৰ মিশ্রণত ডুবাই ৰং কৰা হয়। সামগ্রীটোৰ প্রাকৃতিক বা অবাঞ্চিত ৰঙটো গুচাবলৈ ব্লিচিঙৰ বিপৰীত প্রক্রিয়াটো কৰা হয়।

ভাৰতীয় ৰং কর্মী সকলে স্থায়ী ৰঙেৰে ৰং কৰা শিল্পটোত পুৰণি কালৰ পৰাই নিপুণতা লাভ কৰিছে। ভ্রমণকাৰীসকলে তেওঁলোকক যাদুকৰ বুলি গণ্য কৰিছিল, যিসকলে তেওঁলোকক এটুকুৰা কাপোৰ ঈষৎ নীলা ৰঙৰ পানীয়ত ডুবোৱাৰ পিছতো উলিয়াই অনা কাপোৰখন বগা হৈ থকাই দেখিছিল। এইটো তেতিয়াহে নীলা হৈছিল, যেতিয়া অক্সিজেনৰ সংস্পর্শলৈ আহিছিল। বহুতবাৰ ডুবোৱা আৰু বতাহৰ সংস্পর্শই ৰঙক সমৃদ্ধ কৰিছিল। মানুহে এইটোক যাদুকৰী কার্য বুলি ভাবিছিল। ছপা কাপোৰ সমগ্র উত্তৰ ভাৰততে নিয়মীয়াকৈ ব্যৱহৃত হৈছিল আৰু ঘৰুৱা কামতো ব্যৱহৃত হৈছিল। এইবোৰ ৰপ্তানিৰো অত্যাৱশ্যকীয় সামগ্রী হৈ উঠিছিল।

কেঁচা বা ধোৱা আঁহবোৰ আঁচুৰি কাপোৰ হিচাপে তৈয়াৰ কৰা প্রক্রিয়াটোকেই কার্ডিং কৰা বুলি কোৱা হয়। কুকুৰৰ নোমৰ পৰা লামাৰ নোম, চোয়া ৰেচম (চোয়াবিনৰ পৰা তৈয়াৰ কৰা আঁহ) আদিলৈকে এটা বৃহৎ তৰহৰ আঁহ কার্ডিং কৰিব পৰা যায়। সূতা, ঊল আৰু বাষ্টেই সম্ভৱত খুব বহুলভাবে কার্ডিং কৰা আঁহ। সকলোবোৰ আঁহেই কার্ডিং কৰা নহয়। উদাহৰণ হিচাপে ফ্লাক্স (শন) কার্ডিং কৰা নহয় কিন্তু মৰণা মৰা হয়।

তৈয়াৰ কৰাৰ প্রাথমিক পর্যায়ত স্পান সূতাৰ আঁহবোৰ পৃথকীকৰণ, বিতৰণ, সুষম কৰি এখন জালৰ ৰূপ দিয়া হয়। জালখন খুব পাতল বা ঘন হ'ব পাৰে। কার্ডিং প্রক্রিয়াই কিছু অপদ্রব্য গুছায় আৰু কিছু পৰিমাণৰ চুটি বা ছিঙা আঁহো গুছায়।

কার্ডিংটো এটা প্রক্রিয়া যিটোৰ দ্বাৰা ঊণ তৈয়াৰ কৰাৰ বাবে আঁহবোৰ খোলা, পৰিস্কাৰ কৰা আৰু পোন কৰা হয়। প্রথমতে আঙুলি ব্যৱহাৰ কৰাৰ পিছত কাঠ বা হাড়েৰে বনোৱা হাতৰ আকৃতিৰ এবিধ সঁজুলি ব্যৱহাৰ কৰা হয়, তাৰপিছত ছালযুক্ত কাঁটা বা দাঁত থকা দুটুকুৰা চেপেটা কাঠেৰে (কার্ড) আগৰ দুবিধ বদলোৱা হয়। ৰবৰেৰে ঢকা আৰু ভাঁজ কৰা তাঁৰৰ দাঁত থকা পুৰণি কলীয়া কার্ডবোৰ এতিয়াও নাভজো মহিলাই প্রয়োগ কৰে। আধুনিক কার্ডিং লেৱিচ প'লে 1748 চনত পেটেণ্ট কৰা ৰিভ'লভিং চিলিণ্ডাৰবোৰ ব্যৱহাৰ কৰাৰ পিছৰ পৰাই আৰম্ভ হয়। এটা যান্ত্রিক এপ্র'ন ফীড 1772 চনত উদ্ভাৱন হয় আৰু ৰিচার্ড আর্কৰাইটে তাত এটা চুপি যোগ কৰিছিল, যিটোৱে আঁচোৰা আঁহবোৰ উঘাত অবিছিন্নভাবে লয়।

কেঁচা বা ধোৱা আঁহবোৰ আঁচুৰি কাপোৰ হিচাপে তৈয়াৰ কৰা প্রক্রিয়াটোকেই কার্ডিং কৰা বুলি কোৱা হয়। এইটো সূতা, ঊল আৰু বাষ্ট আঁহৰ কাৰণে ব্যৱহাৰ কৰা হয়। হাত কার্ডাৰবোৰ কুকুৰ ফণীৰ দৰে আৰু দুয়োটাই একেলগে ব্যৱহাৰ কৰি দুয়োটাৰ মাজৰ ঊলখিনি আঁচোৰা হয়, যেতিয়ালৈকৈ মুঠিটোত থকা আটাইবোৰ আঁহ এক মুখী নহয়। মেছিন কার্ডিং এটা ড্রামত থকা ব্রাছবোৰেৰে কৰা হয়। পৃথক কৰা আঁহবোৰ মেছিনত সুমাই দি তুলি লয় আৰু তথাকথিত সমান (সূতা) বা ভালেমান ড্রামত (ঊল) মসৃণ কৰা হয় আৰু তাৰপিছত উলিয়াই অনা হয়। এই দ্রব্যটো আৰু কিছু প্রক্রিয়াকৰণ কৰি ঊণ কৰিবলৈ ব্যৱহাৰ কৰিব পৰা যায়।

বিভিন্ন আঁহ বা বিভিন্ন ৰঙৰ মিশ্র তৈয়াৰ কৰিবলৈও কার্ডিং ব্যৱহাৰ কৰিব পৰা যায়। কিছুমান ঘৰত থকা হাত-চেৰেকীত এটা সৰু ড্রাম কার্ডাৰ থাকে, যিটো ইতিমধ্যে আঁচোৰা বিভিন্ন ৰঙৰ আঁহবোৰৰ একেলগে মিশ্র তৈয়াৰ কৰিবলৈ বিশেষভাবে ব্যৱহাৰ কৰা

হয়। কিছুমান ড্রাম কার্ডাৰত আনকি দুটা ৰং কেনেকৈ খন্তেকতে আঁচুৰিব পাৰি তাৰ নির্দেশো থাকে।

কৌশল:-

কার্ডিং : কার্ডিংটো এটা প্রক্রিয়া যিটোৰ দ্বাৰা ঊণ তৈয়াৰ কৰাৰ বাবে আঁহবোৰ খোলা, পৰিস্কাৰ কৰা আৰু পোন কৰা হয়।

ব্লিচিং :এই প্রক্রিয়াটোত কাপোৰৰ প্রাকৃতিক অথবা মৌলিক ৰঙটোৰাসায়নিকৰ দ্বাৰা বা সূর্যৰ পোহৰত অনাবৃত কৰি গুছোৱা হয়।

ৰং কৰণ :এই প্রক্রিয়াটোত কাপোৰত ৰং সংযোজন কৰা হয়। এটা বিস্তৃত ক্রমৰ ৰং, প্রাকৃতিক আৰু সংশ্লেষিক উপলদ্ধ হয়, যিবিলাকৰ কিছুমানত মৰডেণ্টৰ প্রয়োজন হয়।

এম্ব্রইডাৰী :এই প্রক্রিয়াটোত সম্পূর্ণ হোৱা কাপোৰৰ ওপৰত সূতাৰ সংযোজন কৰি অলংকৰণ কৰা হয়।

মাড় দিয়া:এই প্রক্রিয়াটোত মাড় নামৰ এটা পদার্থ তৈয়াৰ কৰি কাপোৰত ব্যৱহাৰ কৰি কাপোৰখন দৃঢ় আৰু কাগজৰ দৰে খম্‌খমীয়া কৰা হয়।

পানী নিৰোধক আৰু অন্যান্য অন্তিম স্পর্শ সমূহ।

কেনেকৈ উপনীত ':-

বায়ু পথেৰে:-

ভাৰতৰ প্রধান মহানগৰ সমূহ যেনে দিল্লী, কলকাতা, ইম্ফল, আগৰতলা, আইজল, ডিব্রুগড় আৰু যোৰহাট আদিৰ লগত গুৱাহাটী বায়ু পথেৰে সংযুক্ত। দিল্লী আৰু কলকাতা, গুৱাহাটীৰ পৰা মাত্র ডেৰ ঘণ্টাৰ দূৰত্বৰ পথ।

স্থল পথেৰে:-

গুৱাহাটীৰ পল্টন বজাৰ ৰে'ল ষ্টেচনটো উত্তৰ-পূৱ সীমান্ত ৰে'লৰ এটা গুৰুত্বপূর্ণ আস্থান। ভাৰতৰ সকলো প্রধান মহানগৰৰ লগতেই ই সুন্দৰ ভাবে সংযুক্ত।

ৰে'ল পথেৰে:-

নিকটতম ৰে'ল জংছন ৰঙিয়া আৰু নিকটতম ৰে'ল ষ্টেচন পল্টন বজাৰ। প্রধান ৰে'লবোৰ হ'ল কামৰূপ এক্সপ্রেছ (ৰাতিপুৱা 7 বজাত যাত্রাৰম্ভ), ব্রহ্মপুত্র মেইল (নিশা 12-30 বজাত যাত্রাৰম্ভ), ইণ্টাৰ চিটি বঙাইগাঁও এক্সপ্রেছ (আবেলি 5-15 বজাত যাত্রাৰম্ভ), চিফুং মেইল (আবেলি 3-15 বজাত যাত্রাৰম্ভ)।




থবক পাইখলিবা লোইশংদুগি মমিং মথা



অসম     গুৱাহাটী     সংহত গ্রামীণ শিল্পী বিকাশ সংগঠন