অৰুণাচল প্রদেশ     টাৱাং     লাহৌ গাঁও


এটা গোটৰ সংজ্ঞা হ'ল ভৌগোলিক ভাবে ঘণীভূতহৈ (এখন মহানগৰ, চহৰ অথবা কেইখনমান চুবুৰীয়া গাঁও আৰু তাৰ চৌপাশৰ সংলগ্ন অঞ্চলটো) থকা প্রায় একে ধৰণৰ বস্তু উপাদন কৰা আৰু একে ধৰণৰ সুযোগ আৰু ভাবুকিৰ সম্মুখীন হোৱা গোট সমূ্হৰ সমষ্টি। এটা শিল্পীৰ গোটৰ সংজ্ঞা হ'ল ভৌগোলিক ভাবে ঘণীভূতহৈ (সাধাৰণতে গাঁও/উপ-নগৰী সমূহ)থকা হস্তশিল্প/হস্ততাঁতজাত উপাদনৰ ঘৰুৱা গোট সমূহ। এটা প্রতিনিধিত্বমূলক গোটত তেনেকুৱা উপাদক সকল কেতিয়াবা এটা পৰাম্পৰাগত শ্রেণীৰ হয় আৰু পুৰুষানুক্রমে যুগ যুগ ধৰি প্রতিষ্ঠিত বস্তু উপাদন কৰি আহে। প্রকৃততে বহুতো শিল্পীৰ গোট শতিকা জুৰি চলি অহা পুৰণি শিল্পীৰ দল।

লাহৌ গাঁও গোট সম্পর্কে :

লাহৌ গাঁও গোট অৰুণাচল প্রদেশ ৰাজ্যৰ টাৱাং জিলাৰ ভিতৰত পৰে।

লাহৌ গাঁও গোটটো 101 জনতকৈও বেছি শিল্পী লৈ গঠিত আৰু 5 টা আত্ম সহায়ক গোটে (SHGs) শক্তিশালী কর্মী দলটোক সহায় কৰি আহিছে। এই কর্মোদ্যমে দিনে দিনে গতি লাভ কৰি আছে।

দলিচা:-

অৰুণাচল প্রদেশৰ দলিচাবোৰ ৰাজ্যখনৰ কলা আৰু শিল্প হিচাপে এটা বিৰাট আকর্ষণ। অৰুণাচল প্রদেশৰ দলিচাবোৰ চমকাৰ কমনীয়তাৰ বাবে বিশ্ব-ব্যাপী জনাজাত। সর্বোচ্ছ শিল্পীসত্বা প্রদর্শন কৰি খিলঞ্জীয়া অনুভৱটো নির্গত কৰা কার্য্যই ভাৰতৰ অন্য অংশত আৰু বিশ্বত তৈয়াৰ হোৱা দলিচাবোৰতকৈ অসাধাৰণ কৰে। প্রাচ্যৰ দলিচা তৈয়াৰ কৰা মোগল আৰু পার্চী বিদ্যালয়বোৰৰ পৰা স্বতন্ত্র অৰুণাচল প্রদেশৰ দলিচাবোৰে তিব্বতী আৰু বৌদ্ধীয় প্রভাৱৰ চিহ্ন প্রদর্শন কৰে। চমকাৰ ৰঙৰ সংকল্পনাই অৰুণাচল প্রদেশৰ দলিচাবোৰত সৌন্দর্য্যৰ সংযোজন কৰে।

দলিচা বোৱা কার্য্যত উচ্চ স্তৰৰ দক্ষতা আৰু নৈপুণ্য প্রয়োজন হয় আৰু সাধাৰণতে পশ্চিম কামেং জিলাৰ মন্‌পা মহিলাসকল আৰু পশ্চিম চিয়াং জিলাৰ জনজাতিসকলে এই কাম কৰে। দলিচাবোৰ উজ্জ্বল ৰঙৰে বোৱা হয়, যিবোৰত প্রধানতঃ তিব্বতী আর্হি, যেনে ড্রেগ'ন বা জ্যামিতিক আৰু ফুলৰ নক্সা তুলি অঞ্চলটোৰ তিব্বতী-বৌদ্ধীয় প্রভাৱ প্রতিফলিত কৰে। ঊলৰ ৰঙবোৰ মূলত: উদ্ভিদ আৰু অন্য প্রাকৃতিক ৰঙৰ উসৰ পৰা আহৰণ কৰা হৈছিল যদিও, এতিয়া সাংশ্লেষিক আৰু ৰাসায়নিক ৰং সাধাৰণ ভাবে ব্যৱহৃত হয়।

ব্যৱহৃত কেঁচা মাল:-

দলিচা ৰংযুক্ত আঁহৰ স্তুপেৰে গঠন হয়ঃ এটা প্রথম ভেঁটি, যিটোত আঁহবোৰ চিলাই কৰা হয়, দ্বিতীয় ভেঁটিটোৱে দলিচাখন শক্তিশালী কৰে, প্রথম আৰু দ্বিতীয় ভেঁটিটো আঠাৰে জোৰা লগোৱা হয় আৰু প্রায়ে দলিচাখনৰ তলত কুশ্বন লগাই কোমল আৰু অধিক আৰামী কৰা হয়। প্রথম আৰু দ্বিতীয় ভেঁটি দুয়োটাই বেছিকৈ বোৱা বা নোবোৱা প'লিপ্রপীলিনৰ হয়, অৱশ্যে দ্বিতীয় ভেঁটিটো মৰাপাটৰো হ'ব পাৰে, যিটো প্রাকৃতিক আঁহ আৰু বোৱাৰ পিছত ডাঠ কেনভাচৰ দৰে দেখি। ভেঁটিবোৰ একেলগে জোৰা লগাবলৈ ব্যৱহাৰ কৰা আঠাবোৰ প্রায় সকলোতে সাংশ্লেষিক লেটেক্স ৰবৰৰ হয়। খুব সাধাৰণতে পেডবোৰ প্রতিক্ষিপ্ত হয়(জোৰা লগোৱা ইউৰেথেন), যদিও বিভিন্ন ৰূপৰ সাংশ্লেষিক লেটেক্স, প'লিইউৰেথেন অথবা তাৰ পৰিবর্তে ভিনাইলও ব্যৱহাৰ হ'ব পাৰে। প্রতিক্ষিপ্তবোৰ পেলনীয়া ইউৰেথেনৰ সম আকাৰত কটা টুকুৰা আৰু এইবোৰ তৰপবোৰত চাপদি সুমুৱাই দিয়া হয়। যদিও বিৰল, কিছুমান দলিচাৰ কুশ্বনবোৰ ঘোৰাৰ নোম বা মৰাপাটৰো হয়। দলিচাৰ পৃষ্ঠখন মিহি কৰিবলৈ সাধাৰণতে ওপৰত এখন প্লাষ্টিকৰ চাদৰ সংযোজন কৰা হয়।

পদ্ধতি:-

প্রাৰম্ভণিতে স্টেপ্‌ল বুলি কোৱা খোলা আঁহৰ মুঠিবোৰ দলিচাখন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। স্টেপলবোৰ হ'পাৰত দি এইবোৰ গৰম কৰা আৰু তেল দিয়া হয় আৰু সৰু সৰু টুকুৰাৰ ৰূপ দি আঁহবোৰ দীঘল টাকুৰীত লোৱা হয়। ইয়াৰ পৰাই দলিচা তৈয়াৰ কৰা প্রক্রিয়া আৰম্ভ হ'বলৈ সাজু হয়।

দলিচাৰ ভেঁটি বুলি কোৱা এটুকুৰা কাপোৰত এটা বেজীয়ে দলিচাখনৰ আঁহবোৰ তলফালৰ পৰা ঠেলি থাকে। লুপাৰ বুলি কোৱা এটা হুকে বেজীটো ভেঁটিটোৰ ভিতৰত সোমাই যোৱা সময়ত আঁহবোৰক ধৰি থাকে আৰু এটা লুপ গঠন কৰে। এইটো শুনিবলৈ অলপ ক্লান্তিজনক আৰু এইটো নিশ্চিত ভাবে স্বয়ংক্রিয় থোপা বন্ধা যন্ত্রৰ আগমণ হোৱাৰ আগতে হৈছিল। যদি দলিচাখন থোপা বন্ধা হ'লহেঁতেন, তেন্তে প্রকৃত সৃষ্টিৰ প্রক্রিয়াটো ইয়াতেই শেষ হ'লহেঁতেন। যদি কটা স্তুপৰ দলিচা বনাই থকা হৈছে, তেনেহলে থোপা বন্ধা দলিচাখন আৰু এটা অতিৰিক্ত পর্যায়ৰ মাজেৰে যায়, য'ত লুপাৰে ধৰি থকা প্রতিটো সূতাৰ স্তুপেই এখন তীক্ষ্ণ ছুৰীৰ ওপৰেৰে টনা হয়। এইটোৱে লুপবোৰক গাইগুটীয়া সূতা হিচাপে কাটে আৰু এখন কটা স্তুপৰ দলিচা তৈয়াৰ কৰে। ৰঙ কৰা প্রক্রিয়াটো বাঞ্চিত দর্শনীয় প্রভাৱটোৰ ওপৰত নির্ভৰ কৰি উপাদনৰ বিভিন্ন পর্যায়ত হ'ব পাৰে। অন্য পদ্ধতিত, সম্পূর্ণ হোৱা দলিচাখনত নিৰবিচ্ছিন্ন ৰঙকৰণ, ৰোল আৰু ৰং ছটিয়াই কৰা হয়। তথাপিও দলিচাখন প্রক্রিয়া কৰাৰ আগতে এটা প্রাক ৰঙকৰণ হয়। দলিচাখন সম্পূর্ণ হ'লে, এইখন ধোৱা, শুকোৱা আৰু ভেকুৱাম কৰা হয়। অসমান স্তুপবোৰ ছাটি দিয়া হয় আৰু তাৰপিছত কনভেয়ৰ বেল্টৰ সহায়ত চূড়ান্ত কর্মীজনৰ ওচৰলৈ পাইল গানেৰে খালি ঠাইবোৰ পূৰাবলৈ পঠাই দিয়া হয়।

কৌশল:-

শালৰ এটা বীমৰ পৰা শালৰ আনটো বীমলৈ থিয়কৈ টানি থোৱা সৰল ৰঙৰ সূতাবোৰত গাঠি বন্ধা হয়। পথালিকৈ থকা সৰল ৰঙৰ সূতাবোৰ দলিচাখনৰ বাণিৰ দিশত, ৱার্প স্ট্রিঙৰ ওপৰত আৰু তলত আৰু প্রতিটো শাৰীৰ গাঠিবোৰৰ মাজত থাকে। ওজনবোৰে গাঠিৰ শাৰীবোৰ ঠিক ঠাইত ৰখাত আৰু গাঠনিটো মজবুত কৰাত সহায় কৰে। নক্সা অনুসৰি গাঠিবোৰত বিভিন্ন ৰঙ ব্যৱহাৰ কৰা হয়। গোটেই বিশ্বজুৰি গাঠি দিয়াৰ বিভিন্ন কৌশল আছে, দ্বৈত বা গর্ডেচ বা প্রতিসম গাঠিবোৰ তুর্কী সকলে ব্যৱহাৰ কৰে, যিটোক তুর্কীচ গাঠি বুলিও জনা যায়। এই কৌশলটোত প্রতিটো গাঠিয়েই দুটা বেলেগ ৱার্পৰ বাহিৰেৰে লুপ কৰি দুয়োটা মূৰেই তললৈ টানি কাটি দিয়া হয়। ইৰাণ, চীন আৰু আফগানিস্থানত ব্যৱহৃত হোৱা অন্যান্য

কেনেকৈ উপস্থিত হ'ব:-

সাধাৰণ কৌশলবোৰক অপ্রতিসম, এগাঠিয়া বা পার্চীয়ান গাঠি বোলা হয়, যিবোৰত গাঠিটোৰ এটা মূৰ এটা ৱার্পৰ বাহিৰেৰে ঘুৰোৱা হয় আৰু আনটো মূৰ পোনহৈ আহে আৰু দুয়োটা মূৰেই টানি কটা হয়।








অৰুণাচল প্রদেশ     টাৱাং     মনিউল হেণ্ডলুম এণ্ড হেণ্ডিক্রাফ্ট্চ কো-অ’পাৰেটিভ চ’চাইটি লিমিটেড