এটা গোটৰ সংজ্ঞা হ'ল ভৌগোলিক ভাবে ঘণীভূতহৈ (এখন মহানগৰ, চহৰ অথবা কেইখনমান চুবুৰীয়া গাঁও আৰু তাৰ চৌপাশৰ সংলগ্ন অঞ্চলটো) থকা প্রায় একে ধৰণৰ বস্তু উপাদন কৰা আৰু একে ধৰণৰ সুযোগ আৰু ভাবুকিৰ সম্মুখীন হোৱা গোট সমূ্হৰ সমষ্টি। এটা শিল্পীৰ গোটৰ সংজ্ঞা হ'ল ভৌগোলিক ভাবে ঘণীভূতহৈ (সাধাৰণতে গাঁও/উপ-নগৰী সমূহ)থকা হস্তশিল্প/হস্ততাঁতজাত উপাদনৰ ঘৰুৱা গোট সমূহ। এটা প্রতিনিধিত্বমূলক গোটত তেনেকুৱা উপাদক সকল কেতিয়াবা এটা পৰাম্পৰাগত শ্রেণীৰ হয় আৰু পুৰুষানুক্রমে যুগ যুগ ধৰি প্রতিষ্ঠিত বস্তু উপাদন কৰি আহে। প্রকৃততে বহুতো শিল্পীৰ গোট শতিকা জুৰি চলি অহা পুৰণি শিল্পীৰ দল।ডুম্প'ৰিজো খণ্ড গোট সম্পর্কে :ডুম্প'ৰিজো খণ্ড গোট অৰুণাচল প্রদেশ ৰাজ্যৰ উজনি সোৱনশিৰি জিলাৰ ভিতৰত পৰে।ডুম্প'ৰিজো খণ্ড গোটটো 203 জনতকৈও বেছি শিল্পী লৈ গঠিত আৰু 12 টা আত্ম সহায়ক গোটে (SHGs) শক্তিশালী কর্মী দলটোক সহায় কৰি আহিছে। এই কর্মোদ্যমে দিনে দিনে গতি লাভ কৰি আছে।এম্ব্রইডাৰী:-এম্ব্রইডাৰী মানে সাধাৰণতে এটুকুৰা কাপোৰ বেজীৰ কামেৰে অলংকৰণ কৰা অথবা জাক-জমকীয়া আর্হিৰে ভূষিত কৰা পদ্ধতিকেই বুজায়। সেয়েহে এম্ব্রইডাৰীক বেজী আৰু সূতা ব্যৱহাৰ কৰি বস্ত্রশিল্প শোভিত কৰা কলা হিচাপে গণ্য কৰা হয়।শিল্পী সকলৰ বৈচিত্রতাপূর্ণ সৃষ্টিৰ বাবে অৰুণাচল প্রদেশৰ এম্ব্রইডাৰীয়ে সুখ্যাতি লাভ কৰি আহিছে। অৰুণাচল প্রদেশৰ শিল্পী সকলে সামগ্রীবোৰ শোভিত কৰিবলৈ বর্ণাঢ্য চিলাইৰ ব্যৱহাৰ কৰে। অৰুণাচল প্রদেশৰ আটাইতকৈ গুৰুত্বপূর্ণ এম্ব্রইডাৰী কেন্দ্রবোৰ ডুম্পোৰিজো খণ্ড অঞ্চলত অৱস্থিত আৰু এইবোৰ সৃষ্টিৰ শ্রেষ্ঠতাৰ বাবে প্রশংসিত হয়। অৰুণাচল প্রদেশৰ এম্ব্রইডাৰী অন্যান্য সম্প্রদায়ৰ আয়ৰ এটা প্রধান উস। যদিওবা এম্ব্রইডাৰী কাপোৰ শোভিত কৰাৰ এটা পূর্বৰে পৰা চলি অহা বিশেষ পদ্ধতি, আজিৰ দিনতো ই অতি জনপ্রিয়। আর্হিবোৰ প্রাচীন কালৰে হওঁক অথবা আধুনিক যুগৰ জ্যামিতিক আর্হিয়েই হওঁক, কিন্তু একে এম্ব্রইডাৰীয়েই কাপোৰ অলংকৰণ কৰাৰ সাধাৰণ পদ্ধতি হিচাপে চলি আহিছে। দৰাচলতে, বিশেষজ্ঞসকলে আজি অনুভৱ কৰে যে উচ্চ হাৰৰ গ্রহণযোগ্যতাৰ কাৰণে এই শিল্পত অধিক সৃষ্টিশীলতা আৰু নতুনত্ব অনাৰ সুযোগ আছে।এইবোৰত অলংকৃত টিক্ৰি আৰু মণিবোৰে এইবোৰক দেখিবলৈ আকর্ষণীয় কৰি তোলে। এই ধৰণৰ এম্ব্রইডাৰীবোৰ কাঠৰ ফ্রেমত কৰা হয়। কাপোৰবোৰত এটা দীঘল বেজী, সূতা, টিক্ৰি আৰু মণিৰে কাম কৰা হয়। সাধাৰণতে 1.5 ফুট উচ্চতাৰ ভিন্ন আকাৰৰ ফ্রেম ব্যৱহাৰ কৰা হয়, যাতে যিখিনি কাপোৰত স্টেন্ছিলৰ সহায়ত আর্হিটো অঁকা হয়, সেইখিনি লৰ-চৰ নকৰাকৈ থাকে। এখন হাতেৰে কাপোৰৰ তলত থকা সূতাখিনি বেজীৰে সৈতে ধৰি থাকে আৰু আনখন হাতেৰে বেজীটো কাপোৰৰ ওপৰলৈ সহজতে অনা-নিয়া কৰে।জাক-জমকীয়া টিক্ৰি আৰু মণিবোৰ বেজীটোৰ দ্বাৰা কাপোৰত লগোৱা হয়।অন্য এটা এম্ব্রইডাৰীৰ ধৰণ হ'ল জ্যামিতিক অথবা ফুলৰ আকৃতিত তৈয়াৰ কৰা জালি অথবা নেট এম্ব্রইডাৰী, এইটো সূতাৰে দীঘ-বাণি তৈয়াৰ কৰি সূক্ষ্ম বুটামঘাত চিলাইৰে লগোৱা হয়। সম্পূর্ণ হোৱা সামগ্রীবোৰ সাধাৰণতে পর্দা, বিচনাৰ চাদৰ, আচবাব পত্রৰ আৱৰণ আৰু পোছাকৰ দৰে ঘৰুৱা বস্তু হিচাপে ব্যৱহাৰ হয়।ব্যৱহৃত কেঁচা মাল:-কাপোৰবোৰত এটা দীঘল বেজী, সূতা, টিক্ৰি আৰু মণিৰে কাম কৰা হয়। সাধাৰণতে 1.5 ফুট উচ্চতাৰ ভিন্ন আকাৰৰ ফ্রেম ব্যৱহাৰ কৰা হয়, যাতে যিখিনি কাপোৰত স্টেন্ছিলৰ সহায়ত আর্হিটো অঁকা হয়, সেইখিনি লৰ-চৰ নকৰাকৈ থাকে। এখন হাতেৰে কাপোৰৰ তলত থকা সূতাখিনি বেজীৰে সৈতে ধৰি থাকে আৰু আনখন হাতেৰে বেজীটো কাপোৰৰ ওপৰলৈ সহজতে অনা-নিয়া কৰে।পদ্ধতি:-এম্ব্রইডাৰীটো বিশেষ পদ্ধতি অনুসৰণ কৰিবলগীয়া বেছি কাৰিকৰী শিল্প কৌশল নহয় কিন্তু তথাপিও তলত লিখা সাধাৰণ পদ্ধতিখিনি অনুসৰণ কৰা হয়:-