অসম     ধুবুৰী     ঝাপুছাবাৰী


 

এটা গোটৰ (সংজ্ঞা হ'ল ভৌগোলিক ভাবে ঘণীভূতহৈ (এখন মহানগৰ, চহৰ অথবা কেইখনমান চুবুৰীয়া গাঁও আৰু তাৰ চৌপাশৰ সংলগ্ন অঞ্চলটো) থকা প্রায় একে ধৰণৰ বস্তু উৎপাদন কৰা আৰু একে ধৰণৰ সুযোগ আৰু ভাবুকিৰ সম্মুখীন হোৱা গোট সমূ্হৰ সমষ্টি। এটা শিল্পীৰ গোটৰ (cluster)সংজ্ঞা হ'ল ভৌগোলিক ভাবে ঘণীভূতহৈ (সাধাৰণতে গাঁও/উপ-নগৰী সমূহ)থকা হস্তশিল্প/হস্ততাঁতজাত উৎপাদনৰ ঘৰুৱা গোট সমূহ। এটা প্রতিনিধিত্বমূলক গোটত তেনেকুৱা উৎপাদক সকল কেতিয়াবা এটা পৰাম্পৰাগত শ্রেণীৰ হয় আৰু পুৰুষানুক্রমে যুগ যুগ ধৰি প্রতিষ্ঠিত বস্তু উৎপাদন কৰি আহে। প্রকৃততে বহুতো শিল্পীৰ গোট শতিকা জুৰি চলি অহা পুৰণি শিল্পীৰ দল।

 

ঝাপুছাবাৰী গোট সম্পর্কে :-

 

ঝাপুছাবাৰী গোট অসম ৰাজ্যৰ ধুবুৰী জিলাৰ ভিতৰত পৰে।

 

ঝাপুছাবাৰী গোটটো 440 জনতকৈও বেছি শিল্পী লৈ গঠিত আৰু 20 টা আত্ম সহায়ক গোটে (SHGs)শক্তিশালী কর্মী দলটোক সহায় কৰি আহিছে। এই কর্মদ্যোমে দিনে দিনে গতি লাভ কৰি আছে।

 

শিল খোদিত কৰা শিল্প:-

 

শিল খোদিত কৰাটো এট প্রাচীন কার্য-কলাপ, যিটোত খহটা প্রাকৃতিক শিলাখণ্ডবোৰৰ পৰা নিয়ন্ত্রিত ভাবে শিলৰ টুকুৰাবোৰ উলিয়াই আকৃতি প্রদান কৰা হয়। বস্তুবিধৰ স্থায়ীত্বৰ বাবে, আদিম সমাজেও কিছুমান শিলৰ কামত ব্রতী থকাৰ প্রমাণ পোৱা যায়।

 

প্রস্তৰ যুগৰ সমাজে টিঙিৰি শিলৰ সঁজুলি সৃষ্টি কৰাৰ বাবে কৰা কামবোৰক প্রায়ে নাপিং বুলি কোৱা হ্য়। আখৰ তৈয়াৰ কৰিবলৈ কৰা শিল খোদিত কৰা কার্যক প্রায়ে মুদ্রাক্ষৰ শৈলী বোলা হয়।

 

শিল খোদিত কৰাৰ লগত শিল বা মার্বল আহৰণ কৰাৰ পার্থক্য হ'ল, শিল খোদিত কৰা কার্যত শিলৰ আকাৰ দিয়া বা ছেদন কৰা হয়, আনহাতে আহৰণ কৰা কার্যত উপকাৰত অহা শিলবোৰ ডাঙৰ খণ্ড হিচাপে ভূতাত্বিক উৎসৰ পৰা আহৰণ কৰা হয়।

 

শিল খোদিত কৰা কথাটোৱে ভাস্কর্য তৈয়াৰ কৰাৰ এটা বিশেষ পদ্ধতিৰ প্রসংগ হিচাপে আলতীয়া মাটিৰ বা ঢালাই কৰা মূর্তিবোৰৰ বিপৰীতে ভাস্কৰ সকলৰ লক্ষ্যণীয় গুৰুত্ব প্রকাশ কৰে। এই পদটোৱে স্থাপত্য, নির্মাণ কৌশল বা ব্যৱহাৰিক আভিযান্ত্রিক কার্যত ব্যৱহৃত হোৱা শিলবোৰ ঘহি-পিহি সাজু কৰা মিস্ত্রী সকলৰ কার্য-কলাপৰ প্রসংগকো বুজায়। এইটো এটা প্রত্নতত্ববিদ, বুৰঞ্জীবিদ আৰু নৃতত্ববিদসকলে কিছু ধৰণৰ পেট্র'গ্লিফ তৈয়াৰ কৰাত যুক্ত হোৱা কার্য-কলাপবোৰ বর্ণনা কৰিবলৈ ব্যৱহাৰ কৰা বাক্যাংশ।

 

মৌলিক সামগ্রীবোৰ:-

 

1. কঠিন গ্রেণাইট

2. কোমল গ্রে গ্রেণাইট

3. মহীশূৰ শিল

4. বগা গ্রেণাইট

 

শিল্পীসকলে যেতিয়া কঠিন গ্রেণাইটৰ কাম কৰে, তেতিয়া নির্বাচন কৰা শিলাখণ্ডত থকা প্রাকৃতিক আর্হিটো প্রথমে অধ্যয়ন কৰে। তাৰ পিছত হাতুৰী আৰু বটালিৰ সহায়ত অতি যত্ন সহকাৰে আকৃতিটো তৈয়াৰ কৰে। তাপৰ উৎপাদন হোৱাৰ পৰা হাত সাৰিবলৈ বাৰে বাৰে পানী ছটিয়াই থাকে। চিৰিচ কাগজ বা ফাইলেৰে ঘহি শিলটো মিহি কৰা হয়।

 

শিলৰ চেপেটা খণ্ডটোত তৈয়াৰ কৰিব লগীয়া অৱয়বটোৰ জোখৰ মাত্রাবোৰ চিহ্নিত কৰা হয়। হাতুৰীৰে কোবাই অতিৰিক্ত দাঁতিবোৰ আঁতৰাই পেলোৱা হয়। ডাঙৰ শিলবোৰ উলম্ব ভাবে কাটি সৰু কৰা হয় আৰু মোটামুটি ভাবে ইয়াৰ ওপৰত ৰেখাংকণ কৰা হয়। চেপেটা খণ্ডটোৰ পৰা কৰতেৰে বস্তুটো কাটি উলিওৱা হয়। এতিয়া চেপেটা খণ্ডটো হাতুৰী আৰু বটালিৰে বাঞ্চিত অৱয়বটোৰ ৰূপটোত পৰিণত কৰা হয়। জোঙা বটালিৰে সূক্ষ্ম খোদনবোৰ কৰা হয়। পৰবর্তী নিমজকৰণটো হাতুৰীৰে আৰু বটালিৰে কৰা হয়। খোদিত কৰাৰ আগতে শিলটো গোটেই নিশা গৰম পানীত ডুবাই ৰখা হয় আৰু ৰাসায়নিকৰে শোধন কৰা হয়। এইটোৱে শিলটোৰ পৃষ্ঠভাগ কোমল আৰু বগা কৰে। অন্তিম স্পর্শ দিয়াৰ বাবে বালি বা কার্বোৰাণ্ডামৰ টুকুৰাৰে মসৃণ কৰা হয়। ভালেমান খোদিত কৰা শিল্পবস্তুত ৰং কৰা হয়। অন্যবোৰত আর্চীৰ টুকুৰা, পিতল ইত্যাদি লগোৱা হয়।

 

এটা মূর্তি খোদিত কৰোতে, শিল খোদিত কৰা শিল্পী এজনে শিলটোত ভাস্কর্যটোৰ এটা মোটামুটি ৰেখাচিত্র আঁকি লয়। শিল্পীজনে কাম কৰি থকা সময়ত শিলটোৰ ওপৰত পানী ছটিয়াই থাকে, কাৰণ অবাঞ্চিত বস্তুবোৰ গুচাবলৈ বটালি মাৰি থকাৰ ফলত ঘর্ষণে সঁজুলিবোৰ গৰম কৰে। অন্তিম স্পর্শ দিয়াৰ বাবে চিৰিচ কাগজ, মুলটানি মাটি বা আলতীয়া মাটি, তেল আৰু কাপোৰেৰে পালিছ কৰা হয়।

 

 

ইতিমধ্যে যথাযথ আকৃতিত কটা কঠিন বা কোমল শিলটোত এটা ৰেখাচিত্র অঁকা হয়। ৰেখাচিত্র অনুসৰি আকৃতিটো ছেদন কৰাৰ পিছত, অবাঞ্চিত অংশবোৰ আঁতৰাই অন্তিম অৱয়বটো উলিয়াই অনা হয়। কঠিন শিলত অতিৰিক্ত বস্তুবোৰ বটালিৰে গুচোৱা হয়, কিন্তু কোমল শিলবোৰত এইবোৰ তীক্ষ্ণ চেপেটা দাঁতিৰ লোৰ সঁজুলিৰে ঘহি গুচোৱা হয়।

 

খোদিত কৰণ প্রক্রিয়াত তলত দিয়া ক্রমবোৰ আৱশ্যকীয় ভাবে থাকে: শিল নির্বাচন আৰু ৰেখাংকণ কৰা, মূল আকৃতিটো পাবলৈ মোটামুটি ভাবে বস্তু বোৰ গুচোৱা, বিতংভাবে বুজাবলৈ মিহি/পৰিস্কাৰ কৰা, পৃষ্ঠভাগত ফাইল মৰা, বিভিন্ন কার্বোৰাণ্ডাম শিলেৰে (চানে কুল্লু) পৃষ্ঠভাগ মসৃণ কৰা আৰু পানী আৰু চিৰিচ কাগজেৰে অন্তিম পালিছ কৰা।

 

প্রধান কৌশলবোৰ তলত দিয়াৰ দৰে:-

 

1. কাটিং

2. গ্রাইণ্ডিং

3. বাফিং

4. পালিছিং

 

কেনেকৈ উপস্থিত হ'ব:-

 

বায়ু পথেৰে:-

 

গুৱাহাটীৰ গোপীনাথ বৰদলৈ বিমানবন্দৰে নিয়মীয়া ভিত্তিত বায়ু সেৱা আগবঢ়ায় আৰু ভাৰতীয় বায়ু সেনাৰ এটা ঘাটি হিচাপে কাম কৰে। ৰাজ্যখনৰ ভিতৰতো ডিব্রুগড়ৰ মোহনবাৰী, লখিমপুৰৰ লীলাবাৰী আৰু যোৰহাটৰ ৰৰৈয়া আদি অন্যান্য বায়ু ঘাটিবোৰৰ

লগত এই বিমানবন্দৰটোৰ সংযোগ আছে।

 

স্থল পথেৰে:-

 

ধুবুৰীলৈ বাছেৰে গুৱাহাটীৰ পৰা যাব পাৰি। গুৱাহাটী আৰু ধুবুৰীৰ মাজত নিয়মীয়া বাছ সেৱা আছে। এইটো সাত ঘণ্টাৰ যাত্রা পথ। শিলিগুৰিৰ (পশ্চিম বংগ) পৰাও যাব পাৰি। এইটোৰ যাত্রা পথ প্রায় 5-1/2 ঘণ্টা। পশ্চিম বংগৰ কোছবিহাৰ চহৰৰ পৰা স্থল পথেৰে 1-1/2 ঘণ্টাত ধুবুৰী চহৰলৈ যাব পাৰি।

 

ৰে'ল পথেৰে:-

 

ধুবুৰী আৰু গুৱাহাটীৰ মাজত মিটাৰ গজ ৰে'লৰ লাইন আছে। এখন ৰে'ল দুয়োখন চহৰৰ মাজত চলে।

 

 








অসম     ধুবুৰী     ধুবুৰী হস্তশিল্প সমবায় সমিতি