Ka jingiathuh bniah ia ki kynhun treikam
অসম     নগাঁও     জাজৰি


এটা গোটৰ সংজ্ঞা হ'ল ভৌগোলিক ভাবে ঘণীভূতহৈ (এখন মহানগৰ, চহৰ অথবা কেইখনমান চুবুৰীয়া গাঁও আৰু তাৰ চৌপাশৰ সংলগ্ন অঞ্চলটো) থকা প্রায় একে ধৰণৰ বস্তু উৎপাদন কৰা আৰু একে ধৰণৰ সুযোগ আৰু ভাবুকিৰ সম্মুখীন হোৱা গোট সমূ্হৰ সমষ্টি। এটা শিল্পীৰ গোটৰ (cluster)সংজ্ঞা হ'ল ভৌগোলিক ভাবে ঘণীভূতহৈ (সাধাৰণতে গাঁও/উপ-নগৰী সমূহ)থকা হস্তশিল্প/হস্ততাঁতজাত উৎপাদনৰ ঘৰুৱা গোট সমূহ। এটা প্রতিনিধিত্বমূলক গোটত তেনেকুৱা উৎপাদক সকল কেতিয়াবা এটা পৰাম্পৰাগত শ্রেণীৰ হয় আৰু পুৰুষানুক্রমে যুগ যুগ ধৰি প্রতিষ্ঠিত বস্তু উৎপাদন কৰি আহে। প্রকৃততে বহুতো শিল্পীৰ গোট শতিকা জুৰি চলি অহা পুৰণি শিল্পীৰ দল।

জাজৰি গোট সম্পর্কে :-

জাজৰি  অসম ৰাজ্যৰ নগাঁও জিলাৰ ভিতৰত পৰে।

জাজৰি গোটটো 316 জনতকৈও বেছি শিল্পী লৈ গঠিত আৰু 22 টা আত্ম সহায়ক গোটে (SHGs)শক্তিশালী কর্মী দলটোক সহায় কৰি আহিছে। এই কর্মদ্যোমে দিনে দিনে গতি লাভ কৰি আছে।

ঘাঁহ, পাত, নল খাগৰি আৰু আঁহ:-


এচিয়াৰ গ্রীষ্মমণ্ডলীয় অঞ্চল, বিশেষকৈ ভাৰত, বাংলাদেশ আৰু চীন মৰাপাটৰ বাবে অতি জনপ্রিয়। মৰাপাট শিল্প এই অঞ্চলত অতি জনপ্রিয় আৰু নল খাগৰিৰ দৰে উদ্ভিদৰ আঁহৰ পৰা আহৰণ কৰা হয়। প্রচুৰ বৰষুণ হোৱা পশ্চিম বংগৰ উষ্ণ আর্দ্র জলবায়ু এই উদ্ভিদৰ বাবে অতি উপযোগী হয়।

উদ্ভিদবিধ 3-4 মিটাৰ ওখ হয় আৰু পূৰঠ হ'বলৈ ছয় মাহলৈ সময় লয়। মৰাপাট দ্বিতীয়  বিধ জনপ্রিয় প্রাকৃতিক উদ্ভিদৰ আঁহ আৰু এইটো প্রচুৰ পৰিমাণে পোৱা যায়।  

যেতিয়াই উদ্ভিদবিধ চপোৱাৰ সময় হয়, এইবোৰ মাটিৰ অতি ওচৰত গুৰিতেই কটা হয় আৰু পাতবোৰ সৰিবলৈ এদিন বা দুদিন পেলাই থোৱা হয়। আঁহবোৰ গছৰ পৰা পৃথক কৰিবলৈ কাটি থোৱা গছবোৰ পানীত ডুবাই থোৱা হয়। এই প্রক্রিয়াটোক আংশিকভাবে পচোৱা বোলা হয়। এনেকৈ পৃথক কৰা মৰাপাটবোৰ শুকোৱা হয় আৰু নানা ৰূপ দিয়া হয়। আঁহবোৰ গুঁঠি সূতা কৰা হয়। কেতিয়াবা সূতাবোৰেৰে কেঁথা আৰু কাপোৰ বোৱা হয়। পৰিস্কাৰ আঁহ, সূতা আৰু কেঁথা এই সকলোবোৰ মোনা, কেঁথা দলিচা, ওলোমোৱা য'তন, পাদুকা, ক'স্টাৰ, গহনা, সজোৱা বস্তু ইত্যাদিৰ দৰে সুন্দৰ শিল্প বস্তু তৈয়াৰ কৰাৰ বাবে ব্যৱহৃত হয়। কিছুমান অতি মিহি গুণমানৰ মৰাপাট সাজ-সজ্জাৰ সামগ্রী আৰু পোছাক তৈয়াৰ কৰাত ব্যৱহাৰ হয়।

তাল জাতীয় গছৰ ঠাৰি এৰুওৱা কুমলীয়া পাত ৰ'দত শুকাই মোনা, খাদ্য ৰখা বাকচ, 37 ৰ পৰা 56 খন ব্লেডযুক্ত আলংকাৰিক ভাঁজ কৰিব পৰা হাত বিচনী তৈয়াৰ কৰা হয়। ব্লেডবোৰত থকা ফুটাবোৰত তামৰ তাঁৰেৰে বান্ধি আৰু একেলগে চিলাই কৰি বিচনীৰ দৰে কৰা হয়। ব্লেডবোৰত ফুলৰ ছবি আঁকি বিচনীবোৰ দেখিবলৈ আকর্ষণীয় কৰে। তাল জাতীয় গছৰ পাত আৰু ঠাৰি গুঁঠি তৈয়াৰ কৰা শিল্প দক্ষিণ কেৰেলাৰ এটা সমৃদ্ধিশালী শিল্প, যিটো শিল্পত মোনা, টুপী আৰু ছুটকেচ বর্তমান সময়ত ভাৰতীয় আৰু আন্তজার্তিক বজাৰৰ বাবে তৈয়াৰ কৰা হয়। নল খাগৰি এটা ফোপোলা কাণ্ড থকা দেখিবলৈ বাঁহৰ দৰে দৃঢ় কাণ্ডযুক্ত ঘাঁহ। এইটো এটা মজবুত বস্তু আৰু নল খাগৰিৰ মেটবোৰ গাঠনিৰ বেৰ আৰু  চাল হিচাপে ব্যৱহৃত হয়। দীঘে পথালিয়ে মেটবোৰ বোৱাৰ আগতে নল খাগৰিবোৰ প্রথমে ফালি আৰু চাঁচি লোৱা হয়। সেইবোৰ এটা কোণৰ পৰা আৰম্ভ কৰা হয় আৰু কোণীয়াকৈ গুঁঠা বা বোৱা হয়। দীঘল পতিবোৰ মাজতে ভাঁজ কৰি আন এডাল পতি মাজেৰে অতিক্রম  কৰাকৈ সুমাৱাই দিয়া হয় আৰু তেনেদৰে কৰি গৈ থাকে। মাজেৰে অতিক্রম কৰা পতিবোৰে ভাঁজ কৰা ঠাইখিনিত মেটখনৰ দাঁতিটো তৈয়াৰ কৰে। নল খাগৰি খুব মজবুত বাস্কেট তৈয়াৰ কৰিবলৈও ব্যৱহাৰ কৰা হয়।

ব্যৱহৃত কেঁচা মাল:-


তামিলনাডুৰ গাঁওবোৰ নাৰিকল, খেজুৰী, পালমিৰা আদি তাল জাতীয় গছেৰ ভৰি আছে। তাল জাতীয় গছ বাস্কেট আৰু তেনেকুৱা বস্তু বনাবলৈ দর্কাৰ হোৱা কেঁচা মালৰ প্রধান উৎস। অন্য কেঁচা মাল যেনে বাঁহ, বেত, ঘাঁহ, আঁহ আৰু নল খাগৰি আদি বাস্কেট, ঘৰৰ চাল, ৰছী, মেট আৰু অন্যান্য বহুতো বস্তু তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়।

পদ্ধতি:-



মৰাপাটৰ আঁহবোৰ মৰাপাট গছৰ কাণ্ড আৰু বর্হি ছালৰ পৰা পোৱা হয়। আঁহবোৰ প্রথমতে আংশিকভাবে পচাই লৈ আহৰণ কৰা হয়। আংশিকভাবে পচোৱাৰ বাবে গা-গছবোৰ একেলগে মুঠি কৰি বন্ধা হয় আৰু বোৱতী পানীত কম গভীৰতাঁত ডুবাই ৰখা হয়। এই আংশিকভাবে পচোৱাটো দুই ধৰণৰ হয়-কাণ্ড আৰু বর্হি ছাল। আংশিকভাবে পচোৱাৰ পিছত ছালবোৰ তোলা আৰম্ভ হয়। মহিলা আৰু শিশু সকলে সাধাৰণতে এই কাম কৰে। ছালবোৰ তোলাৰ প্রক্রিয়াত আঁহবিহীন বস্তুবোৰ পেলাই দিয়া হয় আৰু কর্মীবোৰে মাৰাপাটৰ কাণ্ডৰ পৰা আঁহবোৰ ধৰি টানি আনে। মৰাপাটৰ মোনাবোৰ চৌখিন মোনা আৰু প্রসাৰ বৃদ্ধি কৰা মোনা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। মৰাপাটৰ পৰিবেশ সহায়ক প্রকৃতিৰ বাবে এইবোৰ ক'র্পৰেট উপহাৰ হিচাপে আদর্শ হয়।

মৰাপাটৰ মজিয়াৰ আৱৰণবোৰ গুঁঠা, থোপাযুক্ত আৰু স্তূপীকৃত দলিচা হয়। মৰাপাটৰ মেট আৰু দলিচাবোৰ 5/6 মিটৰ বহল আৰু অবিছিন্ন ভাবে দীঘলকৈ, কঠিন আৰু জাক-জমকীয়া ৰং, বিভিন্ন গুঁঠনি যেনে, বাউকল্‌, পানামা, হেৰিংবন ইত্যাদি ব্যৱহাৰ কৰি ভাৰতৰ দক্ষিণ ভাগত সহজেই গুঁঠি থকা হৈছে। মৰাপাটৰ মেট আৰু কেঁথাবোৰ শক্তি চালিত শাল আৰু হাতশালত বৃহৎ পৰিমাণত ভাৰতৰ কেৰেলাত তৈয়াৰ কৰা হয়। ঐতিহ্যবাহী শতৰঞ্চি মেটবোৰ ঘৰ সজোৱাৰ বাবে খুব জনপ্রিয় হৈছে। নুগুঁঠা মৰাপাট আৰু ইয়াৰ যৌগিকবোৰ তলত পৰা, লিনোলিয়াম চাবষ্ট্রেট আদিৰ দৰে অধিক কামত ব্যৱহাৰ কৰিব পাৰি। মৰাপাটৰ আঁহ বীজৰ পৰা পেলনীয়া হোৱালৈকে অতিশয় পৰিবেশ সহায়ক হয়, কাৰণ পেলনীয়া আঁহবোৰ এবাৰতকৈও বেছি পুনৰ ব্যৱহাৰযোগ্য কৰিব পৰা যায়।

কৌশল:-



ব্যৱহাৰিক পাঠ্যক্রমটোৰ উদ্দেশ্য কৌশলৰ আধুনিকীকৰণৰ সূচনা আৰু দক্ষতাৰ উন্নতি কৰা আৰু কর্মীৰ উৎপাদনশীলতা বঢ়াবলৈ উপযুক্ত কৰি তোলা আৰু তেওঁৰ উপার্জন বঢ়াবলৈ যাতে জীৱনৰ ন্যুনতম মৌলিক প্রয়োজনবোৰ পূৰণ কৰি দাৰিদ্র্র্যৰ কবলৰ পৰা ন্যায্য সময়ৰ ভিতৰত মুক্তি পাব পাৰে।

কেনেকৈ উপনীত হ'ব:-

হয়বৰগাঁওৰ নিকটতম ৰে'ল জংছন চাপৰমুখ,  যিটো নগাঁও চহৰৰ পৰা প্রায় 28 কিল'মিটাৰ দূৰৈত অৱস্থিত। বৰঝাৰৰ (গুৱাহাটী) লোকপ্রিয় গোপীনাথ বৰদলৈ বিমান বন্দৰেই নিকটতম বিমানবন্দৰ। নগাঁও পথ যোগযোগৰ দ্বাৰা সুন্দৰ ভাবে সংযোজিত। 36 আৰু 37 নং ৰাষ্ট্রীয় ঘাই পথে নগাঁও জিলাৰ গুৰুত্বপূর্ণ ঠাইবোৰলৈ সহজে যোগযোগ ঘটায়।




Ka jingiathuh bniah ia ki seng pyntreikam



অসম     নগাঁও     উত্তৰ-পূৱ প্রযুক্তি প্রয়োগ আৰু গ্রামীণ বিকাশ কেন্দ্র (নেক্টাৰ)